দেওলাংখুই উপন্যাসখন তিৱাসকলৰ জাতীয় জীৱনক প্ৰতিনিধিত্ব কৰা এক অপ্ৰতিম দাপোন স্বৰূপ। য'ত অসাধাৰণ চিন্তনৰ লেখিকা গৰাকীয়ে তিৱা সমাজৰ সামাজিক ৰীতি-নীতি, তিৱাসকলৰ স্বকীয় ভাষাৰ সু-প্ৰয়োগ তথা আৰ্থসামাজিক গাঠনি আৰু সেই সময়ৰ নাৰীৰ ৰাজনৈতিক বিচক্ষণতাৰ স্পষ্ট ছবি এখন অতি সাৱলীলতাৰে আঁকিছে। থোৰতে ক'বলৈ গ'লে ৰীতা চৌধুৰীৰ 'দেওলাংখুই' অসমীয়া সাহিত্য জগতলৈ এক অনবদ্য অৱদান ।