ভাৰতবৰ্ষ স্বাধীন হৈছিল সচাঁ। কিন্তু সেই স্বাধীনতা পূৰ্ণ স্বৰাজ নাছিল।স্বাধীনতাই মানুহৰ ভোক আঁতৰাব নোৱাৰিলে,অস্পৃশ্যতা আঁতৰাব নোৱাৰিলে,ধৰ্মীয় গোড়ামী আঁতৰাব নোৱাৰিলে, জাত পাতৰ বিভেদ আঁতৰাব নোৱাৰিলে। স্বাধীনতাই আমাক দিলে হিন্দু মুছলমান শিখ খৃষ্টান, বিনিময়ত কাঢ়ি লৈ মানুহৰ পৃথিৱী। এনেকৈয়ে আহিল গান্ধীজীৰ সপোনৰ 'ৰামৰাজ্য', ৰাজনৈতিক উচ্চাকাংক্ষাৰ সমুখত কৰ্পূৰৰ দৰে উৰি গল, মৰহি গল নেহেৰুৰ সমাজবাদী ভাৰতৰ স্বপ্ন।