'মাজ ৰাতি কেতেকী' চালোঁ।
সুন্দৰ চিত্ৰনাট্যত গোঁঠি থোৱা ভাললগা বহু ফ্ৰেমেৰে এখন অৱশ্যেই উপভোগ্য চিনেমা।আদিল হুছেইন ছাৰৰ চৰিত্ৰটোৰ পৰা আৰম্ভ কৰি ভোলাৰ চৰিত্ৰটোলৈ সকলোকে কাহিনীৰ লগত একাত্ম কৰাত পৰিচালিকা পূৰামাত্ৰাই সফল।অনুৰাগ শইকীয়া,দেৱজিৎ চাংমাইৰ ক্ৰমে সংগীত,শব্দ বহুকেইটা মূহুৰ্তত 'গুচবাম্প' তুলি দিয়াৰ বাৰে যথেষ্ট।কেমেৰা,কবিতা ,নাটক অথবা গল্প ভালপোৱা যিকোনো লোকেই নতুনত্ব বিচাৰি নতুনলৈ সোমাই যোৱাৰ সুযোগ চিনেমাখনৰ ফাঁকে ফাঁকে যে পাব সেইটো নিশ্চিত।কাহিনীৰ বৰ্ণনা ষ্টাইল পৰীক্ষামূলক যেন লাগিল,কবিতাৰ দৰেই য'ত একাধিক ইন্টাৰপ্ৰিটেচন আছে।
চিনেমাখনৰ এটা ভাললগা সংলাপ "It's a lonely world -- এই সৃষ্টিৰ পৃথিৱীখন…।"
কিন্তু চিত্ৰৰসিকৰ সহযোগিতাই যেন 'মাজ ৰাতি কেতেকী' ৰ দৰে সৃষ্টিকৰ্মক অকলশৰীয়া হ'বলৈ নিদিয়ে তাৰেই আশা থাকিল।